You can edit almost every page by Creating an account and confirming your email.

Assamese Article

From EverybodyWiki Bios & Wiki

গোৱালপৰীয়া উপভাষাৰ লগত সংগতি ৰাখি কোচ ৰাজবংশী ভাষাত ফকৰা যোজনাৰ প্ৰভাৱ

“ভাষা” সাহিত্য জাতীৰ “দাপোণ” স্বৰূপ। যি জাতীৰ কলা কৃষ্টি আচাৰ, ৰীতি, চালচলন, পোছাক পৰিচ্ছদ, বিয়া বাৰু, ধৰ্ম-উৎসৱ, শিক্ষা-দিক্ষা, পৰম্পৰা, জলবায়ু, পৰিবেশ, খোৱা খাদ্য ইত্যাদি প্রতিফলিত হয় সেই জাতীৰ ভাষা সাহিত্যৰ মাধ্যমত। যি দৰে দাপোণৰ সন্মুখত নিজৰ গোটেই প্রতিবিম্ব জল্ জল্ পট্‌পট্ কৈ বিদ্যমান হয়, ঠিক সেইদৰে ভাষা সাহিত্যৰ মাধ্যমত সেই জাতীৰ সকলো দিশ ফুটি উঠে। ভাষা সাহিত্যৰ জৰিয়তে আজি বিশ্ব-দৰবাৰত সকলো ভাষা বা উপভাষাৰ স্বিকৃতিৰ বাবে দাবী কৰাৰ সাংবিধানিক অধীকাৰ আছে। বিশ্বৰ মহা মহা ভাষাবিদ সকলে সদায় উন্নতমানৰ ভাষাৰ গুণগত স্বিকৃতি দিবৰ বাবে সাজু। যিদৰে বঙালী ভাষা সাহিত্যই আজি বিশ্ব-দৰবাৰত ৩য় স্থান অধিকাৰ কৰিবলৈ সক্ষম হৈছে। কিন্তু মূলত আজি আমি গোৱালপৰীয়া উপভাষাটো লিখিত সাংবিধানিক অভিধান বা উন্নতমানৰ ভাষা-সাহিত্যৰ পুথিই প্ৰকাশ কৰিবলৈ সক্ষম হোৱা নাই। দুখৰ বিষয় আজি কোচৰাজবংশীৰ জনসংখ্যা অসমতেই ৮২ লাখ থকা সত্বেও ভাষাজননীৰ কথা চিন্তা কৰিব পৰা লোকৰ অভাৱ। একমাত্র শিক্ষাৰ অভাব। বহু সমল থকা স্বত্বেও শিক্ষাৰ অভাবত কৃতকাৰ্য্য হব পৰা নাই। সেয়ে উপভাষাটো ৰাজ্যিক স্বিকৃতি পাবলৈ হ'লে আমি সাহিত্য অধ্যয়ন কৰিবই লাগিব। “সত্য নাথ বৰা দেবে” ভাষা উন্নয়নৰ বাবে কিছু পৰামৰ্শ আগবঢ়াইছে, একমাত্র পুথি অধ্যয়ন। পুথি অধ্যয়ন নকৰাকৈ আমি জ্ঞান আহৰন কৰিব নোৱাৰো। এজন লিখকে নিজৰ জ্ঞানখিনি পুথিৰ জৰিয়তে প্ৰকাশ কৰে, যাক আমি কোনো ধৰনৰ দুখকষ্ট ভোগ নকৰাকৈ লাভ কৰিব পাৰো। প্ৰত্যেকখন পুথিয়ে হৈছে জ্ঞানৰ ভড়াল। লিখকে বহু কষ্ট, বহু যত্নেৰে এই কিতাপৰ জ্ঞানক ধন সঞ্চয়ৰ নিচিনাকৈ পুথি ভৰালত সঞ্চয় কৰি ৰাখে। এজন ব্যক্তিয়ে যদি নিজৰ জ্ঞানখিনিক লিপিবদ্ধ কৰি নাৰাখিলেহেতেন, তেতিয়াহলে আজি আমি নতুনকৈ সকলোখিনি জ্ঞান অর্জন কৰিব লগা হ'লহেতেন। গতিকে বিদ্যা অৰ্জনৰ প্ৰণালী প্রায় ধন অর্জনৰ প্ৰণালীৰ দৰে। যেনেদৰে মূলধন নোহোৱাকৈ ধন উপাৰ্জন কৰা টান, একেদৰে মূল-বিদ্যা অর্থাৎ আনৰ অৰ্জিত জ্ঞানক অধ্যায়ন নকৰাকৈ নতুন জ্ঞান অর্জন কৰা বৰ টান।

গোৱালপৰীয়া উপ-ভাষাৰ সাধাৰণ জ্ঞান আহৰণৰ বাবে বিভিন্ন জনে ভিন্ন মত প্ৰকাৰ কৰিছে এনেদৰে। গোৱালপৰীয়া উপ-ভাষা (অনুবাদ) :

অসমৰ একেবাৰে পশ্চিম অঞ্চলৰ উপ-ভাষাটোৰ নাম গোৱালপৰীয়া উপভাষা। এই উপ-ভাষা কোৱা অঞ্চলটো আগৰ অবিভক্ত গোৱালপাৰা জিলা (এতিয়া গোৱালপাৰা, ধুবুৰী, বঙাইগাওঁ আৰু কোকৰাঝাৰ জিলা) আছিল বাবে ই গোৱালপৰীয়া উপভাষা নামে জনাজাত। অৱশ্যে স্থানীয় মানুহে ইয়াক ৰাজবংশী, ৰংপুৰী আৰু দেশীনামেৰেও বুজায়। গোৱালপাৰাৰ (অবিভক্ত) অধিকাংশ লোকে ‘দেশী-কথা’ নামটোহে ব্যৱহাৰ হোৱাটো বিচাৰে। দুই-একে ‘কমতাই ভাষা’ বুলি ক'ব খোজে।

গ্ৰীয়াৰ্ছনেই সম্ভৱতঃ পোন প্রথমে ‘ৰাজবংশী’ শব্দটো ব্যৱহাৰ কৰিছিল

"When we crossed the river (Brahmaputra), coming from Dhakka, we met a well-marked speech in Rangpur and the districts to its North and East. It is called Rajbangshi and while undoubtedly belnging to the eastern branch, has still points of difference which lead us to class it as a seperate dialect." LS 9, vol-I, part-I)

ৰাজবংশীসকল প্রকৃততে আৰ্য্যমূলক নে তিব্বত-মংগোলীয় সেই বিষয়ে মতভেদ আছে। কিন্তু বিশ্বসিংহই প্ৰতিষ্ঠা কৰা কোচৰাজ্যৰ ৰজাসকলৰ বংশধৰসকলে এতিয়াও নিজকে ৰাজবংশী বুলি পৰিচয় দিয়ে। আনহাতে ৰাজবংশী বুলি পুৰণি কমতা আৰু কোচ ৰাজ্যৰ অন্তৰ্গত বিস্তীর্ণ অঞ্চলত চলিছিল। ভাষাভিত্তিক ৰাজ্য পুনর্গঠনৰ প্ৰক্ৰিয়া আৰু ভাৰতবৰ্ষৰ বিভাজনৰ ফলত ইয়াৰ বেছিভাগেই এতিয়া অসমত নাই। ডঃ বাণীকান্ত কাকতিৰ মতে- “গোৱালপাৰা জিলাত কথিত ভাষাৰ লগত ৰাজবংশী উপভাষাৰ ব্যাপক মিশ্ৰণ ঘটা যেন লাগে। এই ৰাজবংশী উপভাষাটো কোচবিহাৰৰ কোচ ৰাজাসকলৰ দিনত ক্ৰম-বিকশিত হৈছিল।”

আনহাতে ‘দেশী-ভাষা’ শব্দটো আচলতে স্থানীয়ভাৱে প্ৰচলিত ভাষা অৰ্থতহে ব্যৱহাৰ কৰা হৈছিল। পীতাম্বৰ যুৱৰাজ চিলাৰায়ে দিয়া আদেশত ‘দেশ-ভাষা’ শব্দই ৰাজবংশী বা গোৱালপৰীয়া অৰ্থ কৰা নাই-কৰিছে, গোৱালপাৰাকে ধৰি অসমৰ ভাষাহে। কাৰণ, তেতিয়ালৈ আমাৰ ভাষাটো নামকৰণেই হোৱা নাই৷ পীতাম্বৰ ভাষাও নিভাঁজ গোৱালপৰীয়া নহয়। এনেবোৰ কথা চকুৰ আগত ৰাখিয়েই আমি ইয়াক গোৱালপৰীয়া উপ-ভাষা নামেৰে নামকৰণ কৰাটো সমীচীন বুলি ভাবোঁ। মনত ৰখা ভাল, এই ভাষা গোৱালপাৰাৰ সকলো শ্রেণীৰে ভাষা- কেৱল ৰাজবংশীসকলে ব্যৱহাৰ নকৰে। দুই একৰ মতে আকৌ “দেশী-ভাষা” আচলতে গৌৰীপুৰ অঞ্চলৰ ভাষা আৰু এই ভাষাৰে বিস্তৃতি ঘটে স্থানীয় বৈশিষ্ট্যসহ সমগ্র গোৱালপাৰাত বিয়পি পৰিছে।

গোৱালপৰীয়া উপ-ভাষাৰ প্ৰধান আঞ্চলিক ৰূপ দুয়ো পূৱ-গোৱালপৰীয়া আৰু পশ্চিম গোৱালপৰীয়া এই দুটাৰো আকৌ সৰু সৰু আঞ্চলিক ৰূপ আছে। ৰেখাচিত্ৰৰ সহায়ত কথাখিনি বুজাব পাৰি-

গোৱালপৰীয়া

পূব:- অভয়াপুৰী, দুধনৈ পশ্চিম:- গৌৰীপুৰ, সালকোছা

পূৱ গোৱালপৰীয়া কামৰূপৰ পশ্চিম অঞ্চলৰ সৈতে বহু সাদৃশ্য আছে। এনে মিল ওচৰা-উচৰি ভাষাৰূপ বুলিয়েই অকল নহয়। দুয়োটা অঞ্চলৰ মাজৰ বাণিজ্যক লেনদেন, বিয়া-বাৰু সম্পর্ক চমু কথাত সঘন মিলামিছা সাদৃশ্যৰ অন্যতম কাৰণ। পূৱ-গোৱালপৰীয়াৰ সৰু সৰু ভাষাৰূপৰ থলুৱা নামো আছে। যেনে-হাবৰাঘটীয়া, বাৰহাজাৰী, বাইসীয়া ইত্যাদি। এইবোৰৰ ভিতৰত বাৰহাজাৰীসকলৰ উপ-ভাষাগত ভেম আছে আৰু নিজৰ ভাষাৰূপক আনবোৰতকৈ উচ্চ বুলি ভাবে।

পশ্চিম গোৱালপৰীয়াৰ আঞ্চলিক ৰূপ দুটা- গৌৰীপুৰীয়া আৰু শালকোছীয়া। স্থানীয়ভাবে গৌৰীপুৰীয়া ৰূপটোক 'ঘুল্লীয়া' আৰু শালকোছীয়া ৰূপটোক 'ঝাৰুৱা' বুলি কোৱা হয়। তুলনামূলকভাৱে শালকোছীয়া ৰূপটো পূৱ গোৱালপৰীয়াৰ সৈতে অধিক মিলে।

কোচ ৰাজবংশী ভাষাত ফকৰা যোজনাৰ প্ৰভাব (নিজা সংজ্ঞা) :

ফকৰা যোজনাবোৰ ভাষাৰ একো একোটা সম্পদ। এই ভাষাক চহকী আৰু জীয়াই থকা বুলি তেতিয়াই কব পাৰি যেতিয়া সেই ভাষাটোৰ মাজেদি প্রকাশ পায় বিভিন্ন নীতি-নীতি, লোকক্তি, পৰম্পৰাগত ভাবে চলি আহা গীত মাত, কলা-কৃষ্টি, সংস্কৃতি ইত্যাদি। পৃথিৱীৰ ভিতৰত বিভিন্ন প্রচলিত ভাষা উপভাষাবোৰৰ ভিতৰত কোচৰাজবংশীতো কিছুমান ফকৰা যোজনাৰ প্ৰভাৱ অতীতৰে পৰা চলি আছে। খোৱা-লোৱা, পোছাক পৰিচ্ছদ, বিয়া-বাৰু আদিৰ ক্ষেত্ৰত এইবোৰৰ প্ৰভাৱ কম নহয়। “কোচবিহাৰ” জিলাৰ অন্তৰ্গত বাসিন্দাবোৰৰ মুখত এই ভাষাৰ যোজনাবোৰে অতিকৈ প্রভাব পেলোৱাৰ লগতে গোৱালপাৰা, ধুবুৰী, বঙাইগাওঁ, কোকৰাঝাৰ আৰু কামৰূপ আদি অঞ্চলৰ বিভিন্ন জিলাৰ লোকৰ মাজত ইয়াৰ প্ৰভাৱ বিস্তাৰ হৈ আহিছে। উদাহৰণ স্বৰূপে ৰাজবংশীৰ মাজত খোৱা ডাইলৰ ওপৰত ভিত্তি কৰি এবাৰী গীত শুনিবলৈ পোৱা যায়। সেইটো তলত দিয়া ধৰণে-

“মুগ, মুসুৰী আৰু খেসাৰী ভাইৰে কতো ডাইলো খাই ঠাকুৰী কোলাইৰ মতোৰে ভাই কোনো ডাইলে নাই।”

ঠিক তেনেকৈ দৰা-কইনাৰ বিয়াক কেন্দ্ৰ কৰি ৰাজবংশী ভাষাত খোৱা লোৱাৰ ক্ষেত্ৰত এষাৰ যোজনা আছে। সেইটো হ'ল-

“বেটিৰ ঘৰেৰ সাগাই আসিলে কালাই ঘোৰত-ঘোৰত বেটাৰ ঘৰেৰ সাগাই আসিলে চোমসা গোৰত বোৰত।”

অর্থাত ছোৱালীক ছাব আহিলে দৰাঘৰীয়া মানুহক যদি ভাল খোৱা-লোৱাৰ ব্যৱস্থা কৰা নহয় তেন্তে দৰা ঘৰে বেয়া পাব ফলত ছোৱালীৰ বিয়া ঠিক নহবও পাৰে আনহাতে দৰা ঘৰত ছোৱালীৰ ফালৰ পৰা মানুহ আহিলে বেয়া খোৱালেওঁ দৰাক ছাই বিয়া পাতিব লাগিব। উপৰক্তো যোজনাই তাকে বুজাইছে। আকৌ তামোল পান খোৱাৰ ক্ষেত্ৰতো ৰাজবংশী ভাষাত এষাৰ যোজনা আছে সেইষাৰ হ'ল

“পান বড়ো খায়, গুৱা বড়ো খায় ছাতা পৰা দাতগুলা হামাকে দেখায়।"

আকৌ এলেহুৱা পুৰুষে যে কাম বন নকৰি ৰজাৰ লগত খজা, খোৱাৰ দৰে ব্যৱহাৰ কৰি ঘুৰিফুৰে তাৰ ওপৰত নিৰ্ভৰ কৰি এষাৰ যোজনা সৃষ্টি হৈছে সেইটো হ'ল-

“সগায়নাচে সাকায়-সেন্দুৰে ‌ তোমৰানাচেন ভোচৰাকানে”

সমাজত সকলোৱে স্বার্থবাদী হলে কাক বিশ্বাস কৰি ভাল বুলি কব, সেয়ে যাক ভাল বুলি কোৱা যায় দেখা যায় তেওঁ ঠিক আনৰ দৰে হয়, সেইষাৰ যোজনা ৰাজবংশী ভাষাত এনেকুৱা হয়- “কাক বইলবেন কাকা সগাৰে দাড়ি, চুলি পাকা।”

ৰাজবংশীত স্ত্রী সকলক লৈয়ো এষাৰ যোজনা আছে। নিজৰ স্বামীয়ে কিমান কষ্ট কৰি স্ত্ৰী সকলক ভৰণ পোষণ দিয়ে কিন্তু স্ত্রী সকলে স্বামীৰ দুঃখকষ্ট বুজি নাপাই যেতিয়া অকল ভাল শাৰী, শাখা ইত্যাতি বিচাৰে তেতিয়া এনেকৈ এষাৰ যোজনা কোৱা হয়-

“ভাত খাবাৰ নাপায় কাকা বৌ চায় দুই মুঠি শাখা।”

আমি ভাবো মানুহে যিমানে বেছি হ’ব আমাৰ অভাৱ দিনে-দিনে সিমান বেছি হ’ব কিন্তু ৰাজবংশীত এইটো বিশ্বাস আছে যে ভগবানে যেতিয়া মানুহক পৃথিবীলৈ পঠিয়াই দিয়ে তেতিয়া তেওঁৰ লগত, আহাৰে পঠাই দিয়ে সেয়ে ৰাজবংশীত তাক লৈ কৰা এষাৰ যোজনা হ'ল

“ঝাকে ঝাকে পকি পৰে যাৰ যাৰ আহাৰ তায়তায় কৰে।”

সাধাৰনতে যাৰ চিন্তা সি নিজেই কৰিব লাগে কিন্তু দেখা যায় যাৰ চিন্তা সিতো আৰামত থাকে কিন্তু চিন্তা নকৰিবলগীয়া জনৰে হে চিন্তা বাঢ়ি যায় সেয়ে ৰাজবংশীত তাক লৈয়ো এষাৰ যোজনা আছে সেইটো হ'ল

“কাৰবা মৰা কায়বা কান্দে যাৰ মৰা তায় ভাতে ৰান্দে।”

আচলতে মানুহে নিজকে ডাঙৰ ভবাটো ঠিক নহয় আনহাতে একেবাৰে প্ৰতিবাদ নকৰাটোও ঠিক নহয় বেছি অহংকাৰী হ'লে মানুহে পতন অনিবাৰ্য্য একেবাৰে বোকা হলেও মানুহে আনৰ পৰা প্ৰৱঞ্চনা খাব লগা হয় সেয়ে তাৰ ওপৰত নিৰ্ভৰ কৰি ৰাজবংশীত এষাৰ যোজনা সৃষ্টি হৈছে সেইটো হ'ল

“বেছি ছোটো নাহই বংগে দেবায় বেছি বড়ো নাহই বাতাসে হেলায়।”

ভগবানে সকলোৰে বাবে ভাল-বেয়া দুয়োটাই দিছে। সেয়ে মানুহে বিপদে আপদে কিবা এটা কটু কথা কলেও তাক নিৰবে সয্য কৰিব লাগে কিয়নো সয্য কৰি থাকিলে ভাল দিন আহিবই তেতিয়া তাৰ প্ৰতিবাদ কৰা যাব। সেইষাৰ যোজনা ৰাজবংশীত এনেদৰে কোৱা হয়

“যাঔক হয়া ৰই সয়া উঠিৰ ফাই যদি একদিন মাথা খাৰাহয়া।”

ধৈৰ্য্যগুণ মানুহৰ বাবে এটি মহৎ গুণ। আমি কোনো কামত অধৈৰ্য্য হ'ব নালাগে। ধৈৰ্য্যৰ ফল মিঠা হয়। অধৈৰ্য্যৰ ফল তিতা হয়। সেয়ে এইষাৰ কথাক ৰাজবংশীত এনেকৈ কয়

“সবুৰেৰ গাছত নেওয়া ফলে।”

কেতিয়াবা কেতিয়াবা দেখা যায় মাক-বাপেক একেবাৰে অজ্ঞ কিন্তু তাৰ লৰা পণ্ডিতৰ দৰে জ্ঞানী হয়। ভাল নাম অৰ্জন কৰে। কিবা ভাগ্য আৰু জন্ম নক্ষত্ৰৰ ক্ষেত্ৰত লৰাজনৰ ব্যৱহাৰ অমায়িক হয় তেতিয়া ৰাজবংশীত এইষাৰ কথাক যোজনাত এনেকৈ কয়

“গোবৰেৰ ভিৰাত পদ্দাৰ ফুল।”

এখন সমাজত বিভিন্ন ধৰনৰ মানুহ বাস কৰে তাৰ ভিতৰত দেখা যায় কিছুমান লোক একেবাৰে খোলা মনৰ আৰু সহজ সৰল ধৰনৰ হয় তাৰ ওপৰত সকলোৱে অত্যাচাৰ কৰিবলৈ সুযোগ পায় ফলত তেওঁক হাৰাশাস্তি কৰে। এইষাৰ কথাক ৰাজবংশীত এনেকৈ কয়

“হেলা গাছত সগায় চৰে।”

আমি মানৱ আনৰ সহায়ত আগবাঢ়ো। কিন্তু বেয়া সময়খিনি পাৰ হ’লে আমি যাৰ কাৰণে ভাল অৱস্থা পাইছো তাক আমি নুই কৰিব নালাগে তাৰ কথা অস্বীকাৰ কৰাটো আমাৰ মহা অন্যায় হ’ব কিন্তু কিছুমানে আছে তাক গণ্যই নকৰে সেয়ে ৰাজবংশীত সেইষাৰ যোজনা এনেদৰে কয়

“যাৰ জন্যে শাখা-সেন্দুৰ তাকে কইস ভোকৰা এন্দুৰ।”

আমালোকে ভাবো যে কাম এটা কৰিম যদি নহয় তেন্তে লাজৰ কথা হ’ব কিন্তু সেইটো নহয় লক্ষীনাথ বেজবৰুৱাই কৈছিল নজনাটো লাজৰ কথা নহয় জানিবলৈ চেষ্টা নকৰাটো বৰ লাজৰ কথা। সেয়ে সকলোৱে মিলি কোনো কাম হাতত ললে কৃতকাৰ্য্য নহলেও লাজ নাই। সেইষাৰ কথাই ৰাজবংশীৰ এনেকুৱাকৈ যোজনা পালে

“সগায় মিলি কৰি কাজ হাৰ-জিতি নাহি লাজ।”

আকৌ এনেকুৱা কিছুমান লৰা-ছোৱালী আছে যিবোৰ গা-ঘেলাই ফুৰে তথাপি মাক-দেউতাকক এটা কামতো সহায় নকৰে। গতিকে তেনেকুৱা লৰা-ছোৱালীৰ বাবে এইষাৰ যোজনা ৰাজবংশীত আছে

“পৰাৰ মাথাত কাটল ভাঙি খোৱা।”

আকৌ সৰু কেচুৱা এটি যে ভবিষ্যতে কেনেকুৱা হ'ব। তাৰ ব্যৱহাৰ ভালনে বেয়া হ'ব তেওঁ কি কৰিব? ইত্যাদিবোৰ কেচুৱাটিৰ লক্ষন দেখিলে গম পোৱা যায়। তাক বুজাবলৈ ৰাজবংশীত প্রচলিত যোজনাটো এনেকুৱা ধৰনৰ

“যে বাঙাফোটে তাৰ দুই পাতাতে চিন।"

গতিকে ফকৰা যোজনাবোৰ বিচাৰ কৰি চালে আমি গম পাব পাৰো যে ৰাজবংশীৰ ভাষাটো উপভাষা নহলহেতেন যদি এই যোজনাবোৰ সকলোৱে ব্যৱহাৰ কৰিলহেতেন তাৰোপৰি আৰু বহুত যোজনা আছে যিবোৰৰ উপযুক্ত পৰিমানে ব্যৱহাৰৰ নোহোৱাৰ ফলত প্রায় বিলুপ্তিৰ পথত আগবাঢ়িছে। আন আন জনজাতীয় ভাষাৰ দৰে ৰাজবংশীত এইবোৰৰ প্ৰভাৱ কম নহয়। আমি মাতৃভাষা প্ৰেমী ৰাইজে যদি ইয়াক সঠিক ৰূপত ব্যৱহাৰ কৰি ইয়াক বিশ্লেষন কৰো তেন্তে মোৰ বোধৰে ৰাজবংশী ভাষাটোও উপভাষা নহৈ ভাষা হিচাপে সমাজত চলি থাকিব।



References

Bodo Magazine


This article "Assamese Article" is from Wikipedia. The list of its authors can be seen in its historical and/or the page Edithistory:Assamese Article. Articles copied from Draft Namespace on Wikipedia could be seen on the Draft Namespace of Wikipedia and not main one.